অসম

চতিয়াৰ দক্ষিণাঞ্চলত ভাঙি পৰিল দুৰ্বল দলং

প্ৰথম খবৰ,চতিয়া: চতিয়াৰ দক্ষিণাঞ্চলৰ নাগশংকৰ আৰু গোসাই চাপৰি সংযোগী দুৰ্বল কাঠ দলংৰ এক অংশ ঘিলাধাৰী নৈৰ পানীৰ সোঁততে সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে। সম্প্ৰতি এই দলংৰে যাতায়ত ব্যাহত। নৈৰ দুয়ো পাৰত আৱদ্ধ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ। এই কাঠৰ দলংখন পকী কৰিবৰ বাবে ২০১৪ চনতে শৈলজা নামৰ নিৰ্মাণ প্ৰতিষ্ঠান এটাক দায়িত্ব দিছিল বিভাগে কিন্তু আজি চাৰিবছৰেও দলং সম্পূৰ্ণ নহল ৷ এই ভগ্ন প্ৰায় কাঠৰ দলং খনৰেই মৰণত শৰণ দি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ লোক আহ যাহ কৰি আছিল ৷ এই দলংৰেই পাৰ হৈছিল সৰু বৰ গাড়ী ৷ আজি হঠাতে দলংৰ এটা অংশ খহি পৰিল । লগে লগে ৰাইজৰ মাজত আতংক ৷ আৱদ্ধ হৈ পৰিল ছাত্ৰ ছাত্ৰী । বৰ্তমান বিপদ সংকুল ভাবেই ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজে এই নিৰ্মিয়মান দলং খনৰ ওপৰৰে পাৰ হবলৈ বাধ্য হৈছে । এই যাত্ৰাত যিকোনো মূহৰ্তত ঘটিব পাৰে ভয়াৱহ অঘটন ৷

Related Articles

Leave a Reply

Close