অসম

চতিয়াত ‘বোকা’ নাট্যগোষ্ঠীৰ উদ্যোগত গ্ৰীষ্মকালিন নাট কৰ্মশালা, অসমৰ কেইবাগৰাকী নাট্যকাৰ , পৰিচালক, অভিনেতাই প্ৰদান কৰিব এই প্ৰশিক্ষণ

প্ৰথম খবৰ,চতিয়া:’বোকা’ নাট্য গোষ্ঠীৰ উদ্যোগত অহা ১ জুলাইৰ পৰা চতিয়াত অনুষ্ঠিত হ’ব এক গ্ৰীষ্মকালিন নাটকৰ্মশালা । ৮ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ সকলো শিশু , কিশোৰ -কিশোৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব এই কৰ্মশালাত। বোকা নাট্যগোষ্ঠীৰ পৰা জানিব পৰা মতে, এই নাট কৰ্মশালাত ৰেঙণি চেনেলৰ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ ৰিন্টু বৰা, পৰিচালক মনোজ শইকীয়া , বিশিষ্ট নাট্যকাৰ পঙ্কজজ্যোতি ভূঞা , কৰিঅ’গ্ৰাফাৰ সমীৰ বুঢ়াগোহাঁই , অভিনেতা সৌৰভ হাজৰিকা , দেৱানন্দ শইকীয়া , দুলাল বৰুৱা , দ্বিজেন মহন্ত, জুলেন ভূঞা , জয়ন্ত বৰুৱা , মৃণাল গোস্বামী , পূৰ্ণদা হাজৰিকা , জ্যোতিষ ফুকন , গোপাল গোস্বামী , লোচন বৰা, সাগৰ দুৱৰা , ৰক্তিম হাজৰিকাকে ধৰি নাটকৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব চতিয়া নাট্য ভৱনত অনুষ্ঠিত হ’বলগীয়া এই নাট কৰ্মশালা খনিত। পুৱা ১০:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ’ব এই কৰ্মশালাখনি। বোকা নাট্যগোষ্ঠীৰ তৰফৰ পৰা সকলো কাৰ্যসূচীতে চতিয়াবাসীৰ সহায় সহযোগিতা কামনা কৰিছে।

 

Related Articles

Leave a Reply

Close