অসম

চামগুৰিত পথ দূৰ্ঘটনা

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ চামগুৰিৰ ৰঙাগড়াত যোৱা নিশা এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়।পথৰ দাঁতিত ৰৈ থকা ক্ৰেনত এখন দ্ৰুতবেগী বাইকে খুণ্ডা মৰাৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হয়l দূৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় জয়ন্ত হাজৰিকা নামৰ এজন যুৱক। যুৱকজন নিশা নিজৰ মটৰ চাইকেলেৰে আমনিৰ দিশৰ পৰা চামগুৰিৰ অভিমুখে আহি থকা সময়তেই ৰৈ থকা ক্ৰেন খনত খুন্দা মাৰে আৰু যুৱকজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত ততাতৈয়াকৈ আহত যুৱকজনক সংকতজনক অৱস্থাত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিশাই আদবাটতে যুৱকজনৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে। ইফালে দূৰ্ঘটনাটোৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দুয়ো দিশে বহু সময় ধৰি তীব্ৰ যানযটঁৰ সৃষ্টি হয় l

Related Articles

Leave a Reply

Close