অসম

চাহ খেতিৰে আদৰ্শ হৈ পৰা নামনি অসমৰ এজন যুৱকৰ কথাৰে

প্ৰথম খবৰ, চাপৰ : ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি হালদিবাৰী সংখ্যালঘু অঞ্চলত চাহ খেতিৰে আৰ্দশ হৈ পৰিছে এগৰাকী যুৱক। যুৱক গৰাকীৰ নাম আশ্ৰাফুল হক বেপাৰী। আশ্ৰাফুলে নিজে যোৱা দুবছৰ মান আগতে প্ৰায় ৫ বিঘা মাটিত চাহ গছৰ খেতি আৰম্ভ কৰিছিল । আজি সেই চাহ খেতিৰ পৰা আশ্ৰাফুলে প্ৰতি সপ্তাহত প্ৰায় ১০০ কেজি কৈ চাহ পাত বিক্ৰী কৰি স্বাৱলম্বীতাৰ পৰিচয় দাঙি ধৰিছে। উক্ত চাহ খেতিৰ পৰা আশ্ৰাফুলে লাভাম্বিত হোৱাৰ উপৰি অঞ্চলটোৰ ৭-৮ গৰাকী নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দি এক ব্যতিক্ৰমী পৰিচয়ৰ উদাহৰণ দিছে। চাহ পাত বোৰ ১৫ টকা প্ৰতি কেজি হিচাপে বিক্ৰী কৰি আছে। আশ্ৰাফুল হক বেপাৰীয়ে চাহ বাগিচাৰ প্ৰসৰ বৰাই প্ৰায় ৮০ বিঘা লৈকে খেতি কৰাৰ আশা মনত পুহি ৰাখিছে । ইপিনে চাহ খেতিৰ লগতে যুৱক গৰাকীয়ে দুই বিঘা খেতি মাটিত আপেল বগৰীৰ খেতি কৰা আৰম্ভ কৰিছে ।

Related Articles

Leave a Reply

Close