অসম

চিয়াজুলী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ, স্থায়ী চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে প্ৰদান কৰিছে চিকিৎসা 

প্ৰথম খবৰ, বগীনদী: লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ অধীনৰ চিয়াজুলী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত, স্থায়ী চিকিৎসকৰ অভাৱত অঞ্চলটোৰ ৰোগী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লখিমপুৰ চহৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বৰ অতি ভিতৰুৱা এই পাহাৰীয়া অঞ্চলত বাৰিষাৰ আগমনৰ লগে লগে প্ৰাদুৰ্ভাৱ ঘটিছে মেলেৰীয়া, ডায়েৰীয়া আৰু জণ্ডিচৰ দৰে মাৰাত্মক ৰোগৰ। এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ স্থানীয় ৰাইজে ভিৰ কৰিছেহি চিকিৎসালয়ত। অথচ এইখন চিকিৎসালয়ত বিভাগীয়ভাৱে নিযুক্তি দিয়া নাই এজনো স্থায়ী চিকিৎসক। বাধ্যত পৰি চিকিৎসালয়ত থকা একমাত্ৰ ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰি আহিছে ৰোগীসকলক। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ব্যাপক পৰিৱৰ্তনৰে উন্নতি সাধন কৰা বুলি যিমানেই ডাংকোপ নামাৰক কিয়, এই উন্নয়নৰ বাস্তৱৰ ফোঁপোলা স্বৰূপ উদঙাইছে চিয়াজুলীৰ এই চৰকাৰী চিকিৎসালয়খনে।

Related Articles

Leave a Reply

Close