অসম

চিৰাঙত ইন্দিৰা আবাস যোজনাৰ গৃহ নিৰ্মাণত কোটি টকীয়া কেলেংকাৰীৰ তথ্য,  বহু দৰিদ্ৰৰ নামত আৱন্টিত ধন মোকলাই খালে ভিচিডিচি সভাপতিয়ে

প্ৰথম খবৰ, কাজলগাঁও: চিৰাং জিলাত দৰিদ্ৰ লোকৰ নামত ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণত কোটি টকীয়া কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ গৰুভাষা ভিচি ডিচিৰ অন্তৰ্গত কেইবাখনো ভিতৰুৱা গাঁৱত এই দুৰ্নীতি সংঘটিত কৰিছে ভিচিডিচিৰ সভাপতিজনে । যোৱা ২০১৩ আৰু ২০১৪ চনৰ বৰ্ষৰ বাৱে আৱন্টিত ভিচিডিচি খনৰ ৪১ টা ইন্দিৰা আৱাস যোজনাৰ গৃহৰ কাম যোৱা চাৰিটা বছৰে নাপালে দৰিদ্ৰ হিতাধিকাৰী সকলে। হিতাধিকাৰী সকলে জনোৱা মতে তেওঁলোকৰ নামত চৰকাৰী গৃহৰ আৱন্টনৰ কথা জনাই ভিচিডিচিৰ সভাপতি সুভৰাজ বসুমতাৰীয়ে হিতাধীকাৰী সকলৰ পৰা টিপচহী সংগ্ৰহ কৰি লোৱাৰ পিচত কোনো কোনো লোকক ঘৰৰ মাথো খুটী পেলাইছে আৰু আন কোনো ঘৰত খুটী আৰু ঘৰৰ টিনপাত লগায়েই সামৰিলে ।তেওঁলোকৰ নামত বঙাইগাঁৱৰ আই চি আই চি আই বেংকত একাউন্ট বনাই তাৰ পৰা ভিচিডিচি সভাপতিয়ে কেতিয়া কেতিয়া টকা উঠাই সৰাধ কৰিলে সেয়াও নাজানে গাঁৱলীয়া সহজ সৰল দৰিদ্ৰ লোক সকলে । উপায়ান্তৰ হিতাধিকাৰী সকলে যিসকলৰ সামৰ্থ্য আছে তেওঁলোকে নিজা ববীয়াকৈ গৃহ নিৰ্মাণ কৰি লৈ ব্যৱহাৰ কৰি আছে আৰু সামৰ্থ নথকা সকলোৰ ঘৰ আজি চাৰি বছৰেই একেদৰে পৰি থকা পৰিলক্ষিত হৈছে । কোনোবাই আকৌ চৰকাৰী ঘৰটোৰ বেৰ নিদিয়াৰ ফলত মানুহ থাকিব নোৱাৰী গৰু-ছাগলী থকাৰ ব্যৱস্থাও কৰা পৰিলক্ষিত হৈছে । একেখন ভিচিডিচিত যোৱা ২০১৪-১৫ চনৰ বৃত্তীয় বৰ্ষৰত মুঠ ন খন গাঁৱৰ ৪৭ খন ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আজিও আধৰুৱা হৈ আছে । তথ্য অনুসৰি গৰুভাষা ভিচিডিচি খনৰ অন্তৰ্গত গোৰাগাম শালবাৰী গাঁৱৰ ৩ খন, উত্তৰ ইচলাকাটা ৩ খন, ১নং গৰুভাষা ১৪ খন, বাতাবাৰী ৫ খন, দক্ষিন ইচলাকাটা ২খন, জুইলগা ২ খন , উত্তৰ নাংদলবাৰী ২ খন ,কাশিবাৰী ১২ খন, ২নং গৰুভাষা ৩ খন ইন্দিৰা আবাস যোজনাৰ গৃহনিৰ্মাণৰ কাম আজিও আধৰুৱা । এই গাওঁকেইখনৰ ইন্দিৰা আৱাস যোজনাৰ হিতাধিকাৰী সকলৰ নামত বঙাইগাওঁ চহৰৰ এক্সিচ বেংকত একাউন্ট বনাই গ্ৰাম্য সহজ সৰল হিতাধিকাৰী সকলৰ পৰা ফুচুলাই টিপ চহী সংগ্ৰহ কৰি কেতিয়া টকা উঠাই একাউন্ট উদং কৰিলে সেয়া নাজানে হিতাধিকাৰী সকলে । একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এই অঞ্চলৰ সহজ সৰল গঞাক ফুচুলাই তেওঁলোকৰ নামত আৱন্টিত ইন্দিৰা আবাস যোজনাৰ নামত অহা প্ৰতিটো ঘৰৰ বাবদ ৭৫ হেজাৰকৈ টকা শৰাধ কৰি কোকৰাঝাৰত ঘৰ বনাই থাকিবলৈ লোৱাৰ কথাও জনায় হিতাধিকাৰী সকলে । বৰ্তমান কোটি কোটি টকা কেলেংকাৰী কৰা এই জন দুৰ্ণীতিগ্ৰস্থ সভাপতিক সলনি কৰি তেওঁৰ ঠাইত অইন সভাপতি নিযুক্ত কৰিলে ঠিকে কিন্ত দৰিদ্ৰ যি সকল লোকৰ নামত ইন্দিৰা আবাস যোজনাৰ গৃহৰ নামত টকা উঠাই খালে তেওঁলোকে কিন্ত ঘৰ নাপালে । দৰিদ্ৰ হিতাধিকাৰী সকলে এই ইন্দিৰা আবাস যোজনাৰ দুৰ্ণীতিৰ ক্ষেত্ৰত চিদলী চিৰাং খণ্ড উন্নয়ন কাৰ্য্যালয়ৰো হাত থকাৰ দাবী কৰি উচ্চপৰ্য্যায়ৰ তদন্তৰে দৰিদ্ৰ লোকৰ ঘৰ সমূহ বনাই দিয়াৰ দাবী জনায় ।

 

Related Articles

Leave a Reply

Close