অসমবিনোদনশীৰ্ষ

জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস এতিয়া অন্য ৰূপত: গান এৰি পথাৰত ব্যস্ত কুসুম

প্ৰতিবছৰৰ দৰে এইবাৰো খেতিৰ বাবে সাজু হৈছে শিল্পী কুসুম কৈলাস

প্ৰথম খবৰ, মৰাণ: শেষ হ’ল বিহু মঞ্চৰ ব্যস্ততা৷ অসমৰ জনপ্ৰিয় শিল্পীসকল বাৰু এতিয়া ক’ত ব্যস্ত৷ বিহু মঞ্চৰ ব্যস্ততা ভৰা দিনবোৰ এৰি এতিয়া কেনেদৰে ব্যস্ত আপোনালোকৰ মৰমৰ শিল্পীজন৷ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসৰ কথা কৈছো৷ ডিস্ক’ ভণ্টী’, ‘ৱাচিং পাউদাৰ নিৰমা’ আদি গীতেৰে নৱ প্ৰজন্মৰ মৰমৰ শিল্পী হৈ পৰা কুসুম কৈলাস এতিয়া ব্যস্ত গাঁৱৰ পথাৰত৷ কৃষকৰ সন্তান কুসুম কৈলাস নিজেও এজন আদৰ্শ কৃষক৷ কণ্ঠশিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা বহু আগৰ পৰাই নিজৰ কৰ্মঠ দুহাতেৰে খেতি কৰি অহা গাঁৱৰ ল’ৰা কুসুম৷ চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ নগৰৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ দূৰত অৱস্থিত জঁজলী পাঁচআলিৰ ঐতিহাসিক বুঢ়াগোহাঁইবাৰীত ঘৰ কৈলাসৰ৷ গাঁৱৰ কেইবাজনো ডেকাক লগত লৈ বহু বছৰ ধৰি খেতি কৰি আহিছে শিল্পীজনে৷ এইবাৰো ব্যতিক্ৰম নহয় তেওঁ৷ মুঠ ৭০ বিঘা মাটিত খেতিৰ বাবে সাজু হৈছে কুসুম আৰু তেওঁৰ যুৱ বন্ধুসকল৷ পাৰ্থক্য মাথোঁ ইমানেই, সৰুতে নাঙলেৰে মাটি চহোৱা কুসুমে এতিয়া সময়ৰ লগত খোজ মিলাই পাৱাৰ টিলাৰেৰে মাটি চহাইছে৷ ঘৰতে প্ৰস্তুত কৰিছে কেঁচুসাৰ৷ কুসুম কৈলাসৰ মতে গীতত গালেই নহ’ব, হাতে-কামে কৰ্ম কৰিব লাগিব৷ তেওঁৰ আশা পঞ্জাৱ, হাৰিয়ানাৰ কৃষকৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসম চৰকাৰে কৃষকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান কৰিব৷ কঠিয়া সিঁচাৰ মাজতে মনৰ আনন্দতে গীত এফাঁকিও গালে কুসুমে৷

Related Articles

Leave a Reply

Close