অসম

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ অষ্টাদশ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

প্ৰথম খবৰ, যোৰহাট: অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ যোৰহাট জিলাৰ অষ্টাদশ দ্বি বাৰ্ষিক অধিৱেশন খনি দুদিনীয়া কাৰ্যসূচীৰে সূচাৰুৰূপে সফলতাৰে অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি ৰিতুল পাঠকে সভাপতিত্ত কৰা সভা খনিত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুতুল দত্ত, সাংগঠনিক সম্পাদক শিৱ কলিতা, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞি, কাৰ্য্য নিৰ্বাহক সদস্য অজিত দত্ত উপস্থিত থাকে।কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিপক হাজৰিকা উপস্থিত থকা সভা খনিত ৰিতুল পাঠকক সভাপতি আৰু বাবু দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি খন পুনৰ গঠন হয়।

Related Articles

Leave a Reply

Close