অসম

জাপজুপ পুখুৰী পাৰত ৰাজহুৱা সভা, জাপজুপ পুখুৰী সমবায় সমিতিৰ পৰা মুক্ত কৰাৰ দাবী

প্ৰথম খবৰ, বিহপুৰীয়া: লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত জাপজুপ(পদুমপুখুৰী) সমবায় সমিতিৰ পৰা মুক্ত কৰাৰ দাবীত আজি পুৱা বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে৷ স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে অংশ গ্ৰহণ কৰা, জাপজুপ পুখুৰীক দালালৰ হাতৰ পৰা ৰখা কৰক, জৈৱ বৈচিত্ৰ ৰখাৰ ক্ষেত্ৰত সকলো ৰাইজ সজাগ কৰক, মীন পালন সমবায় সমিতিৰ পৰা জাপজুপ পুখুৰী মুক্ত কৰক আদি শ্ল’গানেৰে সামগ্ৰীক পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে স্থানীয় ৰাইজক এই ক্ষেত্ৰত সজাগ কৰাৰ প্ৰয়াস কৰে ৷ ইয়াৰ পিছত স্থানীয় ৰাইজে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷

Related Articles

Leave a Reply

Close