অসম

টিংখাঙত জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি নাহৰফুটুকী, নিৰৱ দৰ্শক হৈ চাই থাকিল বন বিষয়া-কৰ্মী

প্ৰথম খবৰ, টিংখাং : ৰাজ্যত পুনৰ জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ’ল এটা অবুজ নাহৰফুটুকী বাঘ । সভ্য সমাজক লজ্জিত কৰা এই দুখজনক কৰুণ ঘটনা সংঘটিত হ’ল উজনি অসমৰ টিংখাং সমষ্টিৰ এখন ভিতৰুৱা গাঁৱত । ৫০ ফুট ওখ গছ এজোপাত উঠি জিৰণি লৈ থকা এটা নাহৰফুটুকী বাঘক স্থানীয় আৰক্ষী আৰু খোৱাং বন সংমণ্ডলৰ বিষয়া কৰ্মীৰ উপস্থিতে ৰাইজে অতি নিৰ্মমভাবে হানিখুচি হত্যা কৰৰা পাছত মাংস ভগাই ভক্ষণ কৰা চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাত এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৰহি পূৱা টিংখাঙৰ শিশুমৰা বৰপথাৰ গাঁৱৰ গাঁওবুঢ়া যাদৱ বৰুৱাৰ বাৰীৰ এজোপা ওখ গছত উঠি নাহৰফুটুকী বাঘটোৱে জিৰণি লৈছিল । নিশা বাঘটো গছৰ পৰা নামি নহাত ৰাইজে বন বিষয়া আৰক্ষীৰ উপস্থিতে এডাল বাঁহত চুকা অস্ত্ৰ লগাই খুচি গছৰ পৰা বগৰাই দিয়ে । ইয়াৰ পাছতে হানি খুচি বন্য প্ৰাণীটোক হত্যা কৰি ভক্ষণ কৰে ৰাইজে । গছৰ পৰা বাগৰি পৰা সময়তে নাহৰফুটুকীটোৱে এজন লোকক আচুৰি আহত কৰে । উল্লেখ্য যে কিছুদিনৰ পূৰ্বেও টিংখাঙৰ লেৰেলা পথাৰ গাঁৱতো এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ খেদি খেদি হত্যা কৰি তিনিখন গাঁৱৰ ৰাইজে মাংস ভগাই ভক্ষণ কৰিছিল । নিৰৱ দৰ্শকৰ ভুমিকা গ্ৰহণ কৰি অহা বন বিভাগটোৰ চৰম দায়িত্বহীনতাৰ ফলতে এতিয়া এইদৰে বন্যপ্ৰাণীসমূহ জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈছে বুলি টিংখাঙৰ সচেতন ৰাইজে মতপোষণ কৰিছে ।

 

Related Articles

Leave a Reply

Close