অসম

ডাঃ ভাৰতী ভট্টাচাৰ্য্যৰ মৃত্যু,কাইলৈ বৰপেটাৰোডত বন্ধ থাকিব চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভাৰতী ভট্টাচাৰ্যৰ আজি দিনৰ একমান বজাত মৃত্যু হয়। ১৯৪৭ চনত গুৱাহাটীৰ মালিগাঁৱত জন্ম গ্ৰহণ কৰা ভট্টাচাৰ্য্যই গুৱাহাটী মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰি বৰপেটা , কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই শেষত বঙাইগাঁও জিলাৰ মুখ্য চিকিৎসা বিষয়া হিচাৱে বিগত ২০০৬ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পিছৰে পৰা আজি ৪০ বছৰে তেওঁৰ চোৱা চিতা কৰিছিল আদৰী দাস নামৰ এজনী মহিলাই । তেখেতৰ মৃত্যুত ভাৰতীয় চিকিৎসা সন্থাৰ বৰপেটাৰোড শাখা আৰু বৰপেটাৰোড জ্যেষ্ঠ নাগৰিক সন্থাই গভীৰ শোক প্ৰকাশ কৰে। আনহাতে, ভাৰতীয় চিকিৎসা সংস্থাৰ বৰপেটাৰোড শাখাই জনোৱা মতে, বিশিষ্ট চিকিৎসক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কাইলৈ দিনৰ ২ বজালৈ তেওঁলোকৰ ব্যক্তিগত চিকিৎসা চেম্বাৰ বন্ধ ৰাখিব।

Related Articles

Leave a Reply

Close