অসম
তেজপুৰত নটসুৰ্য্য ফনীশৰ্মা সোৱৰণী নাট মঞ্চৰ প্ৰস্তুতি

প্ৰথম খবৰ, তেজপুৰ: প্ৰতিবছৰে ৩১ জুলাইত নটসুৰ্য্য ফনীশৰ্মা সোৱৰণী দিৱস পালন কৰা হয়। নটসুৰ্য্য ফনীশৰ্মাৰ কৰ্মস্থলী তেজপুৰৰ বিভিন্ন স্থানত নটসুৰ্য্য সোৱৰণত নাট মঞ্চ কৰা প্ৰস্তুতি চলাইছে। ডিপোটাৰ অঙ্কুৰ নাট্যগোষ্ঠীৰ উদ্যোগত নটসুৰ্য্য সোৱৰণত নাট্যপ্ৰাণ প্ৰফুল্ল বৰাৰ নাটক “অঙ্গিকাৰ ” ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰত বিশিষ্ট নাট্যপৰিচালক অৰ্পন বেজবৰুৱাৰ পৰিচালনাত মঞ্চস্থ কৰা হ’ব । নাটখনৰ আখৰা বৰ্তমান ডিপোটাৰ অসমীয়া সাংস্কৃতি সমাজৰ আখৰা মঞ্চত পুৰ্ণ গতিত আখৰা চলিছে। অঞ্চলটোৰ অভিনেতা ৰুহিত বৰা, ৰুবু কেওট ,ৰুবু কলিতা, অপুৰ্ব বৰা, মাচুম শইকীয়া, কুশল হাজৰিকা, পানু বৰা আদিয়ে বৰ্তমান নাট আখৰাত ব্যস্ত থকা দেখা গৈছে ।