অসম

দৰঙত ইনাৰ ভিজনৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত বেচৰকাৰী সংস্থা ইনাৰ ভিজন আৰু ৰামধেনু সাহিত্য চক্ৰৰ যুটীয়া উদ্যোগত আৰু সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সংস্থাৰ সহযোগত আজি দৰঙৰ সৰাবাৰীত অনুষ্ঠিত হয় এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুস্থিত হয় ৷ শিবিৰত চিনাক্ত হোৱা মুঠ ১২ গৰাকী চানি পৰা ৰোগীক গুৱাহাটীস্থ শংকৰদেৱ নেত্ৰালয়ত বিনামূলীয়াকৈ চকুৰ অষ্ট্ৰোপ্ৰচাৰ কৰাৰ দিহা কৰা হৈছে । লগতে ৭০ গৰাকী লোকলৈ বিনামূলীয়াকৈ চচমাৰ যোগান ধৰিছে। বেচৰকাৰী সংস্থা ইনাৰ ভিজনে ইতিমধ্যে স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ সহযোগত পশ্চিম দৰঙৰ বিভিন্ন স্থানত এনেদৰে অনুষ্ঠিত কৰি আহিছে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ৷ ইতিমধ্যে অনুষ্ঠিত হৈ অহা শিবিৰসমূহৰ উপৰিও অহা ৫ জুলাইত পশ্চিম দৰঙৰ বামুনঝাৰ আৰু ১৭ জুলাইত ঐতিহ্যমণ্ডিত খটৰা সত্ৰত অনুষ্ঠিত হ’ব বুলি ইনাৰ ভিজনৰ কাৰ্যবাহী সঞ্চালক কমল কুমাৰ নাথে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৷

Related Articles

Leave a Reply

Close