অসম

দৰিদ্ৰতাৰ মাজতো সুখ্যাতিৰে উজ্বলিল মাজুলীৰ দেৱজিৎ

প্ৰথম খবৰ, মাজুলী:  মাজুলীৰ দেৱজিৎ নামৰ এজন ছাত্ৰৰ কৰুন জীৱনগাঁথা। দেৱজিতৰ মাতৃ মানসিকভাৱে বিকাৰগ্ৰস্ত, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছে দেৱজিৎ। নিজে ঘৰে ঘৰে হাজিৰা কৰি এসাঁজ খাই এসাজ লঘোনে থাকি নিজ প্ৰতিভাৰে উজ্বলিল দিলিপ শইকীয়া আৰু কশল্যা শইকীয়াৰ জেষ্ঠ পুত্ৰ দেৱজিৎ। দেৱজিতৰ ঘৰ নাই , নাই পঢ়িবলে এখন টেবুল।যেতিয়া সংবাদ সংগ্ৰহ কৰিবলৈ উপস্থিত হৈছিলো আমাক বহিবলৈ দিবলৈ ওচৰ ঘৰৰ পৰা চকি আনিছিল, ঘৰৰ নামত আছিল এখন চালি এখন তক্টাৰ বিছনা দুখন তক্টাৰ ওপৰত পঢ়া টেবুল। দেৱজিতে স্কুললৈ যোৱাৰ আগত কাৰোবাৰ ঘৰত গৰু এৰাল দিয়া , স্কুলৰ পৰা আহি কাৰোবাৰ ঘৰত জেওৰা দিয়া আদি হাজিৰা কৰি নিজৰ পঢ়া খৰছ উলিয়াছিল। ৰাজনিতি বিজ্ঞান, সমাজ বিজ্ঞান , অসমীয়া আৰু ঐশ্চিক অসমীয়া লেটাৰ নম্বৰ লাভ কৰা দেৱজিতে লঘোনত আনৰ ঘৰত ভাত খুজি খাইছিল। চৰকাৰী সাহাৰ্য্য পৰা বঞ্চিত দেৱজিতৰ পৰিয়ালে দেৱজিতক বতৰ্মান সময়ত আগুৱাই যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে। দেৱজিতে আগলৈ এজন ৰাজনীতি নেতা হ’ব খোজে।

Related Articles

Leave a Reply

Close