অসম
ধুবুৰীত আমছু আৰু গোলকগঞ্জত আছুৰ কৰ্মীক বহিষ্কাৰ

প্ৰথম খবৰ,গোলকগঞ্জ: আমছুৰ ধুবুৰী জিলা সমিতিৰ উপ-সভাপতি দীলোৱাৰ হুছেইনক দল বিৰোধী আৰু অসামাজিক কাৰ্য্যকলাপত লিপ্ত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি জিলা সমিতিৰ সভাপতি আব্দুল বাতেন সেখ আৰু সাধাৰণ সম্পাদক আব্দুল লতিফ খন্দকাৰে আজি এক বিজ্ঞপ্তিযোগে জনাইছে । আৰু ধুবুৰী জিলাৰ গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কানু ভট্টাচাৰ্য্যক আছুৰ অনুশাসন তথা নীতি-নিয়ম ভংগ কৰাৰ অপৰাধত উপদেষ্টা পদৰ পৰা বহিস্কাৰ কৰাৰ লগতে সংগঠনটোৰ প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কাৰ কৰিছে বুলি গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধ্ৰুৱ দত্ত আৰু সাধাৰণ সম্পাদক সমীৰ ৰাভাই এক প্ৰেছ-বিবৃতি যোগে জনাইছে ।