অসম

ধৰ্ষণৰ বিৰুদ্ধে যোৰহাটত অভিনৱ প্ৰতিবাদ

প্ৰথম খবৰ, যোৰহাট: একমাত্ৰ চ’ছিয়েল মিডিয়াৰ আহ্বানত আজি ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল যোৰহাটৰ একাংশ যুৱ প্ৰজন্ম৷ ফেচবুক, হোৱাটছএপৰ জড়িয়তে কাৰ্যসূচী লোৱা এইসকল লোকে হাতে হাতে মম আৰু প্লেকাৰ্ড লৈ ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত উত্তাল কৰি তোলে যোৰহাটৰ বৰুৱা চাৰিআলিস্থিত মিলিনিয়াম পাৰ্ক৷ নাৰী সুৰক্ষা অবিহনে জাতি সুৰক্ষা সম্ভৱ নহয়, ধৰ্ষণ গোচৰ তদন্ত মহিলা আৰক্ষী দ্বাৰা কৰাওক, খিলঞ্জীয়াৰ চৰকাৰে নাৰী সন্মান ৰক্ষা কৰক ইত্যাদি ধৰণৰ দাবীৰে প্ৰতিবাদ কৰে।

Related Articles

Leave a Reply

Close