অসম

নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,মৰিয়নি: মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰি আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই দু-ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয়। মৰিয়নিৰ দেবেৰাপাৰ চাৰিআলিত শুকুৰবাৰে নকছাৰি আঞ্চলিক  ছাত্ৰসন্থাই লোৱা এই কাৰ্যসূচীত প্ৰায় অৰ্দ্ধশতাধিক আছুৰ কৰ্মকৰ্তাই অংশ লয়। আছুৰ মূল দাবী সমূহৰ ভিতৰত ২০১৪ চনত বৃহত্তৰ চেলেংহাট পানী যোগান আঁচনি কাম আৰম্ভ কৰিছিল যদিও আজিকোপতি সেই পানী যোগান আঁচনি খন কাৰ্যক্ষম হৈ নুঠিল। ফলত বৃহত্তৰ নকছাৰি আৰু ইয়াৰ পাশৱৰ্তী অঞ্চলৰ ৰাইজে এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ হব লগা হৈছে। এই পানীযোগান আঁচনি খনৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰি ৰাইজক এটুপী বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰা। দ্বিতীয়তে নৱনির্মিত মহাত্মা গান্ধী  আদর্শ চিকিৎসালয় খনত চিকিৎসাৰ উন্নত সা সঁজুলি অভাৱৰ ফলত আজিকোপতি পূৰ্ণাংগ ৰূপ পোৱা নাই ফল স্বৰূপে অঞ্চলবাসী উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে আৰু তৃতীয়তে ধোদৰ আলি সংযোগী টীয়ক বলমা নকছাৰি পথটো ৰ লগতে আন কেইবাটাও ব্যস্ততাপূর্ণ পথৰ অতি জৰাজীণ আৰু যাতায়তৰ বাবে অনুপযোগী হোৱাত ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিছে। এই সমস্যা সমূহ অতি সোনকালে সমাধান ৰ বাবে চৰকাৰে ক্ষিপ্ৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। প্ৰতিবাদ স্থলীত মৰিয়নি ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাত আছুৰ  প্ৰতিবাদকৰিয়ে তেওঁৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰকপ্ৰত্ৰ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close