অসম

ন’ন পলিটিকেল ব্যক্তি হ’ব লাগে ৰাষ্ট্ৰপতিগৰাকী—তৰুণ গগৈ

প্ৰথম খবৰ,গুৱাহাটী: আজি ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এন ডি এ চৰকাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাক লৈ ব্যক্তিগত মন্তব্য ব্যক্ত কৰে ৷ তেওঁৰ মতে ৰাষ্ট্ৰপতি প্ৰাৰ্থীজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত ব্যক্তি হব নালাগে ৷ লগতে কয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্রত শাসক আৰু বিৰোধী সকলোৰে মাজত আলোচনা মৰ্মে প্ৰাৰ্থী বাচনি কৰোৱা প্ৰক্ৰিয়াটোৰ জৰিয়তে আগবাঢ়িব লাগে ৷ তেঁওলোকে লাগিলে প্ৰথম নামটো প্ৰস্তাৱ কৰক, কিন্তু তেঁওলোকে কথা দি কথা ৰাখিব নোৱাৰিলে ৷ চূড়ান্ত আলোচনা নোহোৱাৰ আগতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ৷ এয়া কৰা উচিত নাছিল বুলি তেঁও কয় ৷ লগতে তেঁও শিক্ষামন্ত্রীয়ে ‘মাধ্যম’ সম্পৰ্কত কৰা মন্তব্যক কটাক্ষ কৰি কয় যে অসমীয়া মাধ্যমত পঢ়ি যদি শিক্ষামন্ত্রী হব পাৰে,উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীষ হব পাৰে,বিদেশত গৈ শিক্ষকতা কৰিব পাৰে তেন্তে ইয়াত কিয় নোৱাৰে ৷ এইটো এটা আজৱ ধৰণৰ কথা ৷ তাৰমানে তেওঁৰ তেজত অসমীয়াত্ব নাই,অসমীয়াৰ তেজ থাকিলে তেনেকৈ কেতিয়াও কব নোৱাৰিলেহেতেঁন ৷ ভূপেন হাজৰিকানো কত ইংৰাজী মাধ্যমত পঢ়িছিল? তেওঁ লগতে কয় কেন্দ্ৰীয় চৰকাৰে অসমৰ মূল সমস্যা বুজি নাপায় ৷ তেওঁলোকে অসমীয়া মানুহক ভূলভাৱে পৰিচালিত কৰিছে ৷এনে মিচলিয়া ৰাজনৈতিক দল কতো দেখা নাই ৷ তেওঁলোকে কয় এটা কথা কৰে ওলোটাতো ৷ লগতে বিজেপি চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্রত ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিয়োগ কৰা প্ৰিয়ংকা চোপ্ৰা সম্পৰ্কতো হাস্যকৰ মন্তৱ্য কৰি প্ৰশ্ন কৰে- ক’ত গল তোমালোকৰ প্ৰিয়ংকা,খবৰেই নাই ৷ প্ৰিয়ংকা অহাৰ পৰা আগতকৈ পৰ্যটক কমিহে গ’ল ৷ তেওঁ চাহ উদ্যোগ,বানপানী,বিমুদ্ৰাকৰণ বিষয় লৈয়ো চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Related Articles

Leave a Reply

Close