অসম

নলবাৰীত কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ, নলবাৰী: আজি সন্ধিয়াৰ ভাগত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা জিলাখনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে। তদুপলক্ষে নলবাৰী নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ভাষন প্ৰসংগত কয় যে চৰকাৰী বিদ্যালয় সমূহে বেচৰকাৰী বিদ্যালয় সমূহৰ দিশ সমূহ আহৰণ কৰক আৰু সেইবোৰ প্ৰয়োগ কৰাৰ চেষ্টা কৰাৰ বাবে আহবান জনাই। তদুপৰি সংগঠনটোৰ শীৰ্ষ পৰ্যায়ৰ নেতা জনে আৰু কয় ছেবাক বাস্তৱ সংস্কাৰৰ প্ৰয়োজন আছে। তাৰ বাবে আছুই চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰা হব। অনুষ্ঠানত শিক্ষাবিদ বসন্ত ডেকাইও ভাষন ৰাখে। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত আদৰণি ভাষণ ৰাখে নলবাৰী আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক নিলকমল বৰ্মনে। অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰদীপ দাস, সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা আছুৰ সভাপতি গুণজৌতি পাঠক, আঞ্চলিক আছুৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close