অসম

নলবাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

প্ৰথম খবৰ,নলবাৰী: আজি অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উপলক্ষে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ণ বিশ্ববিদ্যালয় আৰু সাহিত্য সভাৰ যৌথ উদ্যোগত বিশ্ববিদ্যালয় প্ৰাংগনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ‘অসমীয়া ব্যঙ্গ সাহিত্য : গতি, প্ৰকৃতি আৰু বিৱৰ্ত্তন’ শীৰ্ষক আলোচনা চক্ৰ খনি উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মাই ৷ আলোচনা চক্ৰত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আধুনিক ভাৰতীয় ভাষা বিভাগৰ মূৰব্বী অধ্যাপক ডঃ বাণীকান্ত শৰ্মা, অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰধান সম্পাদক ডঃ পৰমানন্দ ৰাজবংশী, বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, সভাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য গোবিন্দ কলিতাসহ কেইবা শতাধিক লোক ৷

Related Articles

Leave a Reply

Close