অসম

নাওবৈচাত অব্যাহত বানৰ তাণ্ডৱ

প্ৰথম খবৰ,নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নদী ৫টাকৈ জান-জুৰিৰ পানী আবদ্ধ হৈ থকা ফলত দক্ষিণ নাওবৈচাৰ ১৫খন গাঁও পানীৰ তলত ডুবি থাকিব লগীয়া হৈছে ৷শিঙৰা নদীৰ দুয়োফালে দুটা কৈ অবৈধ্য কৃষি বান্ধ নিৰ্মাণ কৰাত পানী প্ৰবাহত বাধাৰ সৃষ্টি হৈ উজনী অঞ্চলত পানীৰে প্লাবিত হৈ বানপানীৰ সৃষ্টিৰ মূল কাৰণ ৷ বানাক্ৰান্ত,বিভিন্ন দল সংগঠনৰ আন্দোলন কৰাৰ পৰিপেক্ষিতত এটা বান্ধ কাটি দিয়া হৈছিল কিন্ত এক দুষ্ট চক্ৰই পূণৰ বান্ধটো ভেটা মাৰি দিয়ে ৷ গড়কাপ্তানী পথতেই পহুধনৰ সহিতে বসবাস কৰি দিন কতোৱাত বহু অচিন ৰোগে দেখা দিছে কণ কণ শিশু সকলৰ মাজত ৷ জিলা প্ৰশাসনে ইমান দিনে চাৰিবাৰ মান সামান্য পৰিমাণৰ খাদ্য সামগ্ৰী যোগান দি দায়িত্ব সামৰে ৷ চিকিৎসাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহল এই বোৰলৈ চাই জিলা প্ৰশাসনৰ প্ৰৱঞ্চনাৰ বাদে একো নহয় তাক নাকৰিব নোবাৰি বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ জন প্ৰতিনিধি জনেও কোনো ধৰণৰ মনযোগ নিদি সাধাৰণ মানবিয়তাৰে বানপিড়িতৰ সাধাৰণ খবৰ লবলেও আহৰি হোৱা নাই বুলি ৰাইজে অভিযোগ আনিছে ৷

Related Articles

Leave a Reply

Close