অসম

নাওবৈচাত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত দক্ষিণ নাওবৈচাৰ প্ৰায় ১০ গাঁৱৰ লগতে পাশ্বৱৰ্তী গাঁও সমূহত শিঙৰা নদীৰ বাঢ়নী পানীয়ে জটিল ৰূপলোৱাত বানাক্ৰান্ত ৰাইজৰ নিদ্ৰা নাই চকুত৷ পহুধন মানুহ থাকিবৰ বাবে নিৰাপদ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । প্ৰশাসনৰ ফালৰ পৰা যি পৰিমাণৰ খাদ্য যোগান ধৰিব লাগিছিল তাৰ অনুপাতে সামান্য খাদ্য যোগান ধৰিয়ে দায় হাৰিছে বুলি বানাক্ৰান্ত ভাষ্যত প্ৰকাশ পাইছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছিল এপ্ৰিল মাহৰ আগতেই মাথাউৰি সমূহৰ কাম শেষ কৰিব লাগিব তাৰ পিছতো শিঙৰা নদীৰ বৰচলা বৃহৎ অংশ কি দৰে উন্মুক্ত হৈ থাকিব পালে ইয়াকলৈ এক ডাঙৰ প্ৰশ্ন ?এই উন্মুক্ত অংশৰে দক্ষিণ নাওবৈচাৰ বঙালচুক, গেলাহাটী ,আহোমনি,শিঙৰা,বৰচলা-বৰপথাৰ,ৰৌদিং অঞ্চলত বাঢ়নী পানীৰে জটিল ৰূপ ধাৰণ কৰাত পহুধন মানুহ একে লগেই বসবাস কৰিব লগাত পৰিছে। এমাহ ধৰি বিদ্যালয় সমূহত পাঠদান বিৰত ৰাখিব লগা হোৱাত অনাগত ছমহীয়া পৰীক্ষা কিদৰে অনুস্থিত কৰিব শিক্ষক অভিভাৱক সকল চিন্তিত ৷

Related Articles

Leave a Reply

Close