অসম

নাওবৈচাৰ বান সমস্যা সমাধানৰ দাবীত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

প্ৰথম খবৰ,নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচাত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নাওবৈচা আঞ্চলিক সমিতিয়ে নাওবৈচা শিঙৰা নদীৰ বান সমস্যা স্থায়ী সমাধান কৰাৰ দাবীত আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ উলেখ্য যে, চলিত মাহত নদীৰ এটা অংশত নিৰ্মাণ কৰা এটা কৃষি বান্ধ ৰাইজৰ দাৱীত কাটি বাঢ়নি পানী এৰি দিয়াত বান পৰিস্থিতি সাম কাটিছিল যদিও কিন্ত পুনৰ অবৈধ ভাবে বান্ধটো এক দুষ্ট চক্ৰই বন্ধ কৰি দিয়াত বানপানী হয়৷ ফলস্বৰূপত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নাওবৈচা আঞ্চলিক সমিতিয়ে এই অবৈধ বান্ধ ভাঙি শিঙৰা নদীৰ বান সমস্যা সমাধানৰ বাবে বিজ্ঞান সন্মত ভাবে বান নিৰ্মাণৰ দাবী জনাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰে ৷

Related Articles

Leave a Reply

Close