অসম

নাগ্রীজুলি মাণ্ডলিক বিদ্যালয় খেল প্ৰতিযোগিতা আৰম্ভ

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ অধীনৰ ১২ খন বিদ্যালয়ক সামৰি গঠন কৰা নাগ্রীজুলি মণ্ডলৰ অধীনৰ বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। নাগ্রীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত মাণ্ডলিক পৰ্যায়ৰ বিদ্যালয় খেল-ধেমালি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনেৰে। খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাসে পতাকা উত্তোলনৰ পিছত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত ফুটবল আৰু কাবাদী খেল প্ৰতিযোগিতাৰ উদ্বোধন কৰে। আজি অনুষ্ঠিত নাগ্রীজুলি মাণ্ডলীক পৰ্য্যায়ৰ বিদ্যালয় সমূহৰ এই খেল ধেমালি প্ৰতিযোগিতাৰ অহা ১১ জুনত সামৰণি পৰিব।

Related Articles

Leave a Reply

Close