অসম

নামখলা আঞ্চলিক আছুৰ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ,খৈৰাবাৰী: সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ এক শক্তিশালী গোট নামখলা আঞ্চলিক ছাত্ৰ সন্থাই অহা ১ জুলাইত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। সদ্য ঘোষিত হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় আশী গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে সফল বিদ্যালয়ৰ প্ৰধান সকলকো সম্বৰ্ধনা জনাব । উক্ত সভাখনত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনীন্দ্ৰ ৰাজবংশী, উপ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, সদৌ ওডালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি অপূৰ্ব কুমাৰ শৰ্মাকে প্ৰমূখ্যে কৰি ছাত্ৰ সংগঠনৰ বিভিন্ন বিষয়ববীয়া তথা নামখলা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী সকল। নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই উক্ত অনুষ্ঠানটিত সকলোৰে সহযোগিতা কামনা কৰিছে ।

Related Articles

Leave a Reply

Close