অসম

নৰেন্দ্ৰ নাথ ডেকালৈ জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়ৰ জীৱনযোৰা শিল্প সাধনা বঁটা

প্ৰথম খবৰ, পুৰণিগুদাম: অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ অন্তৰ্গত অসমৰ ভিতৰতে এক মাত্ৰ হিচাপে পৰিগণিত “জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়, অসম” নামৰ অনুষ্ঠানটিয়ে পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিব ‘জীৱন যোৰা শিল্প সাধনা বঁটা’। অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৪৮তম স্মৃতি দিৱসৰ দিনটোতে অসমৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী- সাহিত্যিক ডাঃ নৰেন্দ্ৰ নাথ ডেকাক এই বঁটা আগবঢ়াব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিবলৈ লোৱা এই বঁটাত ডাঃ নৰেন্দ্ৰ নাথ ডেকাক ফুলাম জাপি, এখন চেলেং চাদৰ, এখন প্ৰশস্তি পত্ৰ আৰু নগদ পাঁচ হাজাৰ টকা প্ৰদান কৰা হ’ব৷৷

Related Articles

Leave a Reply

Close