ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
পকেটমাৰৰ পৰা সাৱধান! গুৱাহাটী হওঁক বা দিল্লী

নিউজ ব্যুৰ’, প্ৰথম খবৰঃ এইকেইদিনত গুৱাহাটীৰ পৰা দিল্লী যোৱাৰ কথা ভাবিছে নেকি? দিল্লীত গৈ যদি মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰে তেনেহ’লে সাৱধান হ’ব। কাৰণ, মেট্ৰ’ ৰে’লত এতিয়া ভিৰৰ গইনা লৈ খুবেই বৃদ্ধি পাইছে পকেটমাৰৰ সংখ্যা। আনকি, পকেটমাৰ কি ৰূপত আহে কল্পনাই কৰিব নোৱাৰিব আপুনি। কোলাৰ কেঁচুৱা লৈ অহা মহিলাও এতিয়া দিল্লীত পকেটমাৰৰ ৰূপত আৱিৰ্ভাৱ হৈছে। কেইবাজনো সংগী লগত লৈ দিল্লীৰ মেট্ৰ’ ৰে’লত এনে পকেটমাৰৰ দল উঠি দিয়ে। আৰু তাৰ পিছত সংগীৰ সহযোগত কেতিয়া জেপ আপোনাৰ খালী কৰি দিব তলকিবই নোৱাৰিব। গতিকে, মেট্ৰ’ ৰে’লত মহিলাৰ দলত যদি কেঁচুৱাও থাকে, তেতিয়াও ওচৰলৈ গৈ গাত গা লগাই থিয় হোৱাৰ চেষ্টা নকৰিব। তেনে মহিলাও আপোনাৰ বাবে বিপজ্জনক হৈ উঠাৰ সম্ভাৱনা আছে। ইতিমধ্যে, দিল্লী মেট্ৰ’ৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে উল্লেখ কৰা মতে, দিল্লী মেট্ৰ’ত জেপ লুৰুকা বাহিনীৰ ৯০ শতাংশই মহিলা। আনকি, দিল্লীৰ আঠটা ষ্টেশ্যন বিপজ্জনক বুলিও উল্লেখ কৰিছে চিআইএছএফে। কাশ্মীৰী গেট, চান্দনী চ’ক, কীৰ্তি নগৰ, ৰাজীৱ চ’ক, হুদা চিটী চেণ্টাৰ, নতুন দিল্লী, টুঘলকাবাদা আৰু শ্বাহদৰা ষ্টেশ্যনক চিআইএছএফে পকেটমাৰৰ পৰা সাৱধান হ’বলগীয়া ষ্টেশ্যন হিচাপে চিহ্নিত কৰিছে। ২০১৬ বৰ্ষত দিল্লী মেট্ৰ’ত পকেটমাৰৰ সন্দেহত আটক হোৱাসকলক ৪১ জন পুৰুষ আৰু ৪৩৮গৰাকীয়ে মহিলা। গতিকে, মেট্ৰ’ত ফুৰোতে সাৱধান।