অসম

পক্ষীকুলৰ সুৰক্ষাৰ বাবে পানীদিহিং পক্ষী অভয়াৰণ্যত NGOৰ বিশেষ পদক্ষেপ

প্ৰথম খবৰ,ডিমৌ: উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানীদিহিং পক্ষী অভয়াৰণ্যত সোমবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ শ গছপুলি ৰোপন কৰা হয় । পক্ষীকূলৰ সংৰক্ষণৰ বাবে স্থানীয় স্বেচ্চাসেৱী সংগঠনে লৈছে এই প্ৰয়াস ৷ পাৰ্ৰিপাশ্বিক দিশত পানীদিহিঙক নান্দনিক পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰি টুৰিষ্ট গাইড এচোছিয়েচন, শিৱসাগৰৰ আৰু পুবেৰুণ এন.জি.অ. উদ্যোগত এই মহৎ প্ৰয়াস হাতত লোৱা হয় । পুৱা বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰবক্তা তথা ডিমৌ প্ৰেছ ক্লাৱৰ সম্পাদক অজয় কুমাৰ গগৈয়ে । তেওঁ উদ্যোক্তাসকলৰ এই প্ৰয়াসক শলাগ লৈ কয় যে গছ থাকিলেহে মানুহ থাকিব; সেয়ে প্ৰকৃতিক জীয়াই ৰখাৰ বাবে প্ৰতিজন ব্যক্তিয়েই এক দায়িত্বশীল চিন্তাধাৰাৰে এখন ধুনীয়া সেউজী ধৰণী গঢ়াৰ বাবে আহ্বান জনায় । ডিমৌৰ সাংবাদিকসকল,বন বিভাগ আৰু স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত এই দিৱসটি পালন কৰা হয় ।উদ্যোক্তা সংস্থা দুটাই প্ৰায় তিনিশৰো অধিক গছপুলি পানীদিহিং পক্ষী অভয়াৰণ্য আৰু কাষৰীয়া বিভিন্ন স্থানত সোমবাৰে ৰোপন কৰে । প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ লগতে পানীদিহিঙলৈ অহা পৰিভ্ৰমী পক্ষীসমূহৰ বাসভূমি তৈয়াৰ কৰাত এই গছ-গছনিসমূহে অনাগত সময়ত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি জনায় প্ৰকৃতি সংগঠক দিপাংকৰ কলিতাই ।লগতে শিৱসাগৰ টুৰিষ্ট গাইড এচোছিয়েচনৰ সম্পাদক গৌতম হীৰাই বিশ্বৰ প্ৰতিজন ব্যক্তিকে একোটিকৈ গছপুলি ৰোপন কৰি তাক ডাঙৰ হোৱালৈকে লালন-পালন কৰিবলৈ সকলোলৈ আহ্বান জনায় ।

Related Articles

Leave a Reply

Close