অসম

পশ্চিম কাৰ্বিআংলঙত বিজেপিয়ে উৰুৱালে বিজয়ধ্বজা

প্ৰথম খবৰ,হামৰেণ: আজি ঘোষিত কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ পশ্চিম কাৰ্বিআংলং জিলাৰ চাৰিটা সমষ্টিৰ ফলাফল—

২নং আমৰি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ডি উফিং মাচলাই বিজয়ী। বিজেপি প্ৰাৰ্থী ধনীৰাম মাচলাইক ৮৯৯ টা ভোটত পৰাস্ত কৰে। নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ৪১২১ টা ভোট আৰু বিজেপিয়ে লাভ কৰে ৩২২২টা।

৫নং ৰংখাং সমষ্টিত বিজেপি প্ৰাৰ্থী হৰেণ ছিং বে বিজয়ী।কংগ্ৰেছ প্ৰাৰ্থী ছিং তেৰণক ২১৯৩ টা ভোটত পৰাস্ত কৰে। বিজেপি প্ৰাৰ্থীয় লাভ কৰে ৭২৮৯টা ভোট আৰু কংগ্ৰেছে লাভ কৰে ৫০৯৬ টা।

১নং দুৱাৰ আমলা সমষ্টিত বিজেপি দলৰ প্ৰভাত তাৰ’ই লাভ কৰে ৫৮৮০টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম ইংলেঙে লাভ কৰে ৩৮৩১ টা ভোট। ২০৪৯ ভোটত বিজেপি প্ৰাৰ্থী জয়ী হয়।

৩নং চিনথং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদীপ ৰংপীয়ে কংগ্ৰেছৰ ৰূপছিং বংৰুঙক পৰাস্ত কৰি বিজয় লাভ কৰিছে।

Related Articles

Leave a Reply

Close