অসম

পাভৈ আছুৰ ছাত্ৰ সংহতি দিৱস পালন

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: ১৯৭৪-ৰ খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত ১০ জুনত সমগ্ৰ অসমজুৰি প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস পালন কৰাৰ লগতে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এই বৰ্ষত মিজিকাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে ছাত্ৰ সংহতি দিৱস। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্য্যসূচীত আছুৰ পতাকা উত্তোলন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনাই শ্বহীদ শ্ৰদ্ধাঞ্জলী মুকলি কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিন্টু বৰাই । ছাত্ৰ সংহতি দিৱসৰ লগত সংগতি ৰাখি জাতীয় শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থ বিদ্যালয়খনৰ প্ৰাঙ্গনত এটা শ্বহীদ বেদী আধাৰশীলা স্থাপন কৰাৰ লগতে বৃক্ষ ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শ্বহীদ বেদী উন্মোচন কৰে কাৰ্যসূচীৰ মুখ্য অতিথি বিশ্বনাথ জিলাৰ উপায়ুক্ত অশিতাক্ষ্য চক্ৰৱৰ্তীয়ে। বৃক্ষ ৰোপণ কাৰ্যসূচী মুকলি কৰে পূব শোণিতপুৰ জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে। কাৰ্যসূচীৰ অন্তত বিদ্যলয়ৰ শ্ৰেণী কোঠাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিন্টু বৰাই আৰু আদৰণী ভাষণ প্ৰদান কৰে প্ৰধান শিক্ষক অমৃত কুমাৰ বৰাই। কাৰ্যসূচীত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে নিজৰ ভাষণত ছাত্ৰ সন্থাৰ দৃষ্টিভংগী আৰু সাম্প্ৰতিক সময়ৰ শৈক্ষিক ব্যবস্থাৰ ওপৰত বক্তব্য প্ৰদান কৰা লগতে জিলা উপায়ুক্ত অশিতক্ষ্য চক্ৰৱৰ্তী, বন বিষয়া ৰাজেন চৌধুৰী, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, মিজিকাজান চাহ বাগিচাৰ উপ পৰিচালক দুলাল মহন্ত, আটছাৰ নেতা লব কুমাৰ ভূঞাই বক্তব্য প্ৰদান কৰে। প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ উপস্থিতিত অনুস্থিত কৰা কাৰ্য্যসূচীত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ক্ষীৰদ বৰা, সমাজ কৰ্মী কান্ত নায়ক, দুলাল শইকীয়া শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি অৰূপ বৰা, সহকাৰী সাধাৰণ সম্পাদক আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নিতু বৰা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সম্পাদক ভাস্কৰ চমুৱা প্ৰমুখ্যে কেইবা শতাধিক লোক।

 

Related Articles

Leave a Reply

Close