অসম

পুৰণিগুদাম মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন৷মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুস্থিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মুকলি সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি উৎপল বৰাই৷প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সম্পাদক হিৰন্ময় গোস্বামীয়ে অাঁত ধৰা সভাত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মৃদুল কুমাৰ শইকীয়া,লখিমী কাকতিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ পৰা মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত অধ্যাপিকা অঞ্জনা গোস্বামী,জ্যেষ্ঠ ছাত্ৰ জীৱন চন্দ্ৰ বৰা,ভৱানন্দ শৰ্মা,প্ৰদীপ ভট্ৰাচাৰ্য,কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থাকি ভাষন প্ৰদান কৰে৷ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পন,বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ ছাত্ৰ জীৱন চন্দ্ৰ বৰাই আৰু মাল্যৰ্পন কৰে মৃদুল কুমাৰ শইকীয়াই৷বিয়লিলৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান অনুস্থান হয় ৷

Related Articles

Leave a Reply

Close