
প্ৰথম খবৰ, বঙাইগাঁওঃ সাহিত্য অকাডেমীয়ে আজি ভাৰতৰ ২৪ টা ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা সাহিত্য অকাডেমী যুৱ বঁটাৰ সন্মান এইবছৰ অসমীয়া সাহিত্যৰ বাবে লাভ কৰিছে যুৱ সাহিত্যিক প্ৰতীম বৰুৱাই৷ বৰুৱাই তেওঁৰ তৃতীয়খন কাব্য গ্ৰন্থ “সোধাহে নহ’ল তোক অ’ বকুল”ৰ বাবে এই বঁটা লাভ কৰিছে৷ উল্লেখ্য যে বৰুৱাই ইয়াৰ পূৰ্বে “আৰু নীৰৱতা” কাব্যগ্ৰন্থৰ বাবে ২০১৫ চনত মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল৷ বৰুৱাৰ প্ৰথমখন কাব্যগ্ৰন্থ “অনুপস্থিতি”(২০০৯)৷ বৰ্তমান অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগত কৰ্মৰত প্ৰতীম বৰুৱা বঙাইগাঁৱৰ বৰপাৰাৰ বাসিন্দা৷ তেওঁৰ এই সন্মানত ৰাজ্যৰ লগতে বঙাইগাঁও বাসীও উৎফুল্লিত হৈ পৰিছে৷