অসমশীৰ্ষ

‘প্ৰথম খবৰ’ৰ বাতৰিৰ প্ৰভাৱ: অভয়াপুৰী আৰক্ষীয়ে জব্দ কৰিবলৈ বাধ্য হ’ল চাউলভৰ্তি ট্ৰাক, আটক ৩

প্ৰথম খবৰ, বঙাইগাঁও ব্যুৰ’: “প্ৰথম খবৰ”ত এখন ট্ৰাকক লৈ অভয়াপুৰী আৰক্ষীয়ে লোৱা ৰহস্যময় ভূমিকাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই আজি তৎপৰ হৈ পৰে অভয়াপুৰী আৰক্ষী ৷ চাপৰৰ পৰা চোৰাং চাউল সৰবৰাহ কৰা AS 19C 9099 নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে আজি ৷ আটক হোৱা লোক তিনিজন হ’ল গাড়ীখনৰ চালক যোগীঘোপাৰ বিল্লাল শ্বেখ, চাপৰৰ শ্বাহৰুখ আলী আৰু শিলচৰৰ চাহিৰ উদ্দিন ৷ আটকাধীন লোক তিনিজনক বাতৰি লিখা পৰলৈকে অভয়াপুৰী ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে ৷ ইপিনে ট্ৰাকখনত নিৰ্দিষ্ট পৰিমাণৰ চাউলতকৈ ৩০ বস্তা চাউল কম ওলোৱাত ৰহস্যৰ সৃষ্টি হৈছে ৷

Related Articles

Leave a Reply

Close