অসমশীৰ্ষ

‘প্ৰথম খবৰ’ৰ বাতৰিৰ প্ৰভাৱ: কৰ্কট ৰোগত আক্ৰান্ত সৃজনগ্ৰামৰ প্ৰণৱলৈ গড়কপ্তানি মন্ত্ৰীৰ আৰ্থিক সাহায্য

প্ৰথম খবৰ,সৃজনগ্ৰাম: ‘প্ৰথম খবৰ’ত যোৱা ২৬ এপ্ৰিলত প্ৰকাশিত “কণমানি প্ৰণৱক ঘূৰাই দিওঁ আহক শৈশৱৰ ৰংবোৰ” শীৰ্ষক এক বাতৰি প্ৰকাশৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। “মানুহে মানুহৰ বাবে” শীৰ্ষক শ্ৰদ্ধাৰ ড° ভুপেন হাজৰিকাদেৱৰ কালজয়ী গীতটো যেন আজি সঁচা অৰ্থত প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ কেইজনমান হৃদয়বান ব্যক্তিয়ে । বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ বিনন্দ চন্দ্ৰ ৰায়ৰ ১২ বছৰীয়া পুত্ৰ প্ৰণৱ কুমাৰ ৰায় কৰ্কট ৰোগত আক্ৰান্ত হয়। এই ৰোগৰ বাতৰি পাই পেটে ভাতে খাই থকা দুখীয়া পৰিয়ালটো মানসিকভাৱে ভাগি পৰে । উপায়হীন হৈ দুখীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সাহায্যৰ প্ৰাৰ্থনা বিচাৰি প্ৰথম খবৰে এক বাতৰি প্ৰকাশ কৰিছিল। এই বাতৰি প্ৰকাশৰ পিচতে সৃজনগ্ৰামৰ “ইয়াং সৃজনগ্ৰাম” নামৰ অনুস্থান এটাৰ লগতে স্থানীয় কেইজনমান হৃদয়বান যুৱকে দুখীয়া পৰিয়ালটোক সহায় কৰিবৰ বাবে ঘৰে ঘৰে গৈ প্ৰণৱৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰি দিয়ে। কৰ্ম ব্যস্ততাৰ মাজতো অকনমান সময় উলিয়াই তেওঁলোকে যি মানবিয়তাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া প্ৰশংসনীয় । “প্ৰথম খবৰ”ত বাতৰি প্ৰকাশৰ পিছতে বিশিষ্ট সমাজসেৱক মনোজ কুমাৰ মহন্তই প্ৰণৱৰ চিকিৎসাৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁ দুখীয়া পৰিয়ালটোক দিছপুৰস্থিত জনতা ভৱনলৈ লৈ যায় ৷ আৰু পিচত “Chief minister relief fund” ৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত সৃজনগ্ৰামৰ প্ৰণৱ কুমাৰ ৰায় নামৰ শিশুটিলৈ আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কালি দিছপুৰত শিশুটিৰ পিতৃ-মাতৃয়ে চেকযোগে ২৫ হাজাৰ টকা গ্ৰহণ কৰে। দুখীয়া পৰিয়ালটোৱে “প্ৰথম খবৰ”ৰ লগতে মন্ত্ৰীগৰাকী আৰু সমাজসেৱক মনোজ কুমাৰ মহন্তৰ শলাগ লয় ।

Related Articles

Leave a Reply

Close