অসম

প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰীৰ দেহাৱসান

প্ৰথম খবৰ, জাগুন: ১৯৪১ চনৰ ২১ মাৰ্চত ডিব্ৰুগড় চহৰৰ আমোলাপট্টিত জন্ম গ্ৰহণ কৰা তথা সূৰ্য কুমাৰ বেজবৰুৱা আৰু মৃণালিনী দেৱীৰ জীয়ৰী দেৱযানী বেজবৰুৱা ( এৰণ ) ৰ কালি তেওঁৰ অস্থায়ী টিপঙৰ ক’ল ইণ্ডিয়া আৱাসিক এলেকাৰ কোৱাৰ্টাৰত মৃত্যু হয়। ইতিমধ্যে আজি অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিছে পৰিয়ালৰ লোকে। তেওঁৰ বয়স হৈছিল ৭৬ বছৰ । মৃত্যুৰ সময়ত এজন পুত্ৰ, দুগৰাকী বোৱাৰী, নাতি – নাতিনীসহ অজস্ৰ গুণ মুগ্ধক তেওঁ এৰি থৈ যায় । ১৯৫৮ চনত মাৰ্ঘেৰিটা হায়াৰ ছেকেণ্ডাৰীত শিক্ষকতা কৰা, ডিগবৈ এ অ’ চি গাৰ্লচ হাইস্কুলৰ পৰা শিক্ষকতা কৰা আৰু ২০০৭ চনত মাৰ্ঘেৰিটা পাৰিজাত বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা, মাৰ্ঘেৰিটা নামদাং কলিয়ৰীৰ (CO OPERATIVE SOCIETY) ত মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহো কৰিছিল তেওঁ ।
লগতে ১৯৭৬ চনত ৩১ মাৰ্চত টিপং মধ্য ইংৰাজী বিদ্যালয় এখন প্ৰতিষ্ঠা কৰাৰ লগতে নিজেও সেইখন বিদ্যালয়ত প্ৰায় ২৩ টা বছৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লয়।
অতি নম্ৰ অমায়িক শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটাতেই এক শোকবাৰ্তা কঢ়িয়াই আনিছে।

Related Articles

Leave a Reply

Close