অসম

ফেচবুকত নিৰ্যাতিতা লক্ষ্মী ওৰাঙক ন্যায় প্ৰদানৰ দাবীত বিশ্বনাথত আছাৰ জোঁৰ সমদল

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: লক্ষ্মী ওৰাঙক পুনৰ ফেচবুকত নিৰ্যাতনৰ অভিযোগ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে । উল্লেখ্য যে, ২০০৭ চনৰ জঘন্য বেলতলা কাণ্ডৰ ফটোক লৈ বিজেপিয়ে ব্যাপক অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে । স্বয়ং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এটা ফেচবুক পেজৰ জৰিয়তে ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে । পশ্চিম বংগৰ শেহতীয়া দৃশ্য বুলি ২০০৭ চনৰ বেলতলা কাণ্ডৰ দৃশ্যকে বিকৃতকৰণ কৰি চলোৱা হৈছে এই অপপ্ৰচাৰ । উল্লেখ্য যে ২০০৭ চনৰ নবেম্বৰ মাহত আদিবাসী সকলৰ জনজাতিকৰণৰ বাবে আন্দোলন কৰিবলৈ গৈ গুৱাহাটীৰ বেলতলাত নিৰ্যাতিতা হৈছিল দুৰ্ভগীয়া লক্ষ্মী ওৰাং। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰ পি শৰ্মাৰইয়ো বিতৰ্কিত পোষ্টটো কৰিছিল শ্বেয়াৰ । আনহাতে এই ঘটনাৰ পিছতেই লক্ষ্মী ওৰাংয়ে দুয়োজন ব্যক্তিৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে। ইফালে সোমবাৰে সন্ধ্যা সাংসদ আৰ. পি. শৰ্মা আৰু উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্য নাথক শিঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত বিশ্বনাথ চাৰিআলিত আদিবাসী ছাত্র সন্থাৰ জোঁৰ সমদল। ৩ শতাধিক আছা কৰ্মীয়ে হাতত জোঁৰ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষী ওৰাংক পুনৰ ফেচবুকৰ জৰিয়তে পুনৰ নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত এই সমদল।

 

Related Articles

Leave a Reply

Close