অসম

বইটামাৰীত বয়োজ্যেষ্ঠ নাগৰিক সন্থা গঠন

প্ৰথম খবৰ,বইটামাৰী: বঙাইগাঁও জিলাৰ বৃহত্তৰ বইটামাৰী অঞ্চল সামৰি আজি বয়োজ্যেষ্ঠ সকলৰ এখন নাগৰিক সন্থা গঠন কৰা হয় ৷ আজি বিয়লিৰ ভাগত বইটামাৰী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্মল বৰুৱাৰ সভাপতিত্বত পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সাধাৰন সভাত সমিতিখন গঠন কৰা হয় ৷ বইটামাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী দুৰ্গাচৰন দাসক সভাপতি আৰু হেমচন্দ্ৰ দাসক উপ-সভাপতি, ৰমিলা দাসক উপ-সভানেত্ৰী, সুৰেণ দাসক সম্পাদক, দেৱেশ্বৰ মজুমদাৰক সহ-সম্পাদক আৰু প্ৰথমী ৰায়ক সহ-সম্পাদিকা হিচাপে লৈ “বইটামাৰী বয়োজ্যেষ্ঠ নাগৰিক সন্থা” নামেৰে ৩৬ জনীয়া এই সমিতি খন গঠন কৰা হয় ৷ ভৱিষ্যতে সমিতি খনে অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ লগতে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কামত ব্ৰতী হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷

Related Articles

Leave a Reply

Close