অসম

বকোৰ বৰুৱাত চাইল্ড লাইন-সাংবাদিক-আৰক্ষীৰ অভিযানত বাল্য বিবাহ বন্ধ

প্ৰথম খবৰ¸নগৰবেৰা: চাইল্ড লাইন-প্ৰশাসনে ৰাজ্যত অধিক কটকটীয়া হৈ থকা স্বত্তেও চৰকাৰী আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ ভিতৰুৱা গাঁওসমূহত আজিও অব্যাহত আছে বাল্য বিবাহৰ কুপ্ৰথা। কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এন.চি গাঁও আৰু বৰুৱা গাঁৱত বকো চাইল্ড লাইন আৰু নগৰবেৰাৰ সাংবাদিকৰ দলে মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে দিনে-নিশাই বাল্য বিবাহৰ গোপন সূত্ৰৰ পমখেদি উক্ত অঞ্চল দুটাত অভিযান চলায় উপস্থিত হয় মন্দিৰা এন.চি গাঁৱৰ নুৰ হাবেলৰ গৃহত। চাৰি দিন পূৰ্বে হাবিলৰ ১৩ বছৰীয়া কন্যা গাঁওখনৰে চান্দ আলীৰ পুত্ৰ ৰবিউল হক(১৭)ৰ লগত কোনেও নজনাকৈ গোপনে সম্পন্ন কৰিছিল বিবাহ। এই অভিযানৰ খবৰ পাই কন্যা পক্ষৰ গৃহৰ পৰিয়ালৰ লোকৰ লগতে পলায়ন কৰে বিবাহ সম্পন্ন হোৱা দৰা-কইনা। অভিযানকাৰী দলটো প্ৰত্যক্ষ কৰি আগবাঢ়ি অহা গাঁওখনৰে একাংশ লোকক সোধপোছ কৰা হয় যদিও কোনেও নাজানে এই এই বাল্য বিবাহৰ ঘটনাৰ কথা। গাঁও খনৰ একাংশক লোকক নাবালিকা গৰাকীক মন্দিৰা আৰক্ষী চকীত চমজাই দিবলৈ দায়িত্ব দিয়ে আৰক্ষীয়ে। ইপিনে অভিযানকাৰী দলটি নিশাতেই উপস্থিত হয় অঞ্চলটোৰ বৰুৱা গাঁৱৰ শ্বহিদুল আলীৰ গৃহত। শ্বহিদুলৰ নাবালিকা কন্যা (১৭)তথা প্ৰবিন কুমাৰ হাই স্কুলৰ নৱম শ্ৰেণীৰ এই ছাত্ৰী গৰাকীক বৃহস্পতি বাৰে চুৱৰীয়া গাঁৱৰ ১নং বৰুৱা গাঁৱৰ নোখুজ উদ্দিনৰ পুত্ৰ ৰবিউল হুছেইন (২২)ৰ লগত বিবাহৰ দিন ধাৰ্য কৰি বিয়াৰ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছিল যদিও চাইল্ড লাইন¸নগৰবেৰাৰ সাংবাদিকৰ দলে আৰু মন্দিৰা আৰক্ষী চকীৰ আৰক্ষী উক্ত বিবাহ খন বন্ধ কৰি দিয়াৰ লগতে চাইল্ড লাইনৰ লোকে বাল্য বিবাহ যে এক অপৰাধ সেই সন্ধৰ্ভত ৰাইজৰ মাজত সজাগ হ’বলৈ কয়।

Related Articles

Leave a Reply

Close