অসম

বকোৰ ২নং বেজৰ সুঁতি প্ৰাথমিক বিদ্যালয়ত শৌচালয়ৰ বাচন মধ্যাহ্ন ভোজনত ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী বৰ্জন, ৰাইজে ঘেৰাও কৰিলে প্ৰধান শিক্ষকক

প্ৰথম খবৰ, নগৰবেৰা: ৰাজ্য চৰকাৰৰ অন্যতম বিভাগ য’ত মানৱ সম্পদ গঢ়াৰ দায়িত্বত থকা নানা দুৰ্নীতিৰ বোকাত লুটুৰি পুটৰি খোৱা অকৰ্মন্য বিভাগ হিচাবে সৰ্ব সময়ত পৰিচিত শিক্ষা বিভাগত নিয়োজিত একাংশ অবিবেচক শিক্ষকৰ কৰ্মকাণ্ডই শিক্ষা বিভাগটোক ৰসাতলে লৈ যোৱা অৱস্থাত আজি বকোৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এজনৰ কাণ্ডহীন ঘটনাত স্থানীয় লোকৰ লগতে সচেতন মহলৰ চকু কপালত তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি-কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত২নং বেজৰসুঁতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰহান আলীয়ে শৌচাগাৰত ব্যৱহাৰ কৰা বাচন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰাত প্ৰধান শিক্ষকৰ এই অমানৱীয় কাৰ্যৰ প্ৰতিবাদত আজি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে দীৰ্ঘ দিন ধৰি বিদ্যালয় খনৰ আন্তঃগাথঁনিৰ ধন আৰু মধ্যাহ্ন ভোজনৰ ওপৰত দিন ডকাইতিৰ দৰে লুন্ঠনৰাজ চলাই অহা প্ৰধান শিক্ষক গৰাকীয়ে শৌচাগাৰৰ বাচন ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনত ব্যাৱহাৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সচেতন ৰাইজৰ ও অভিভাৱক সকল। শিক্ষক গৰাকীৰ এনে কৰ্মকাণ্ডৰ কথা ৰাজহুৱা হৈ পৰাৰ লগে লগে আজি স্থানীয় ৰাইজ আৰু অভিভাৱক সকলে বিদ্যালয়খনত উপস্থিত হৈ কাণ্ডজ্ঞানহীনতা শিক্ষক বৰহান আলীক ঘেৰাও কৰে। ইয়াক লৈ বিদ্যালয়খনত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দিনটো শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰি অবিবেচক প্ৰধান শিক্ষক গৰাকীৰ উচিত শাস্তিৰ জোৰদাৰ দাবী উত্থাপন কৰে। ইপিনে¸প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে শিক্ষা বিভাগে শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিছে।

Related Articles

Leave a Reply

Close