অসম

বঙালমৰা পাভ সমবায় সমিতিৰ সভাপতিক অনাস্থাঃ নতুন সমিতি গঠন

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত যুৱনগৰৰ যুৱ ব্যৱসায়ী গুলজাৰ খানৰ হত্যা কাণ্ডৰ সৈতে পাভ সমবায় সমিতিৰ সভাপতিৰ নাম সাঙোৰ খোৱাৰ পিছৰে পৰা সভাপতি গৰাকী ৰহস্যজনকভাৱে আত্মগোপন কৰি থকাত সমিতিৰ সভাপতি আলতাফ হুচেইনক আজি সমিতিৰ কাৰ্যকৰী সভাত অনাস্থা গ্ৰহণ কৰে।সমিতিৰ উপ সভাপতি আবুল হাচিমৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যকৰী সভা খনত কংগ্ৰেছ কৰ্মী আক্কাছ আলীক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ ইফালে সভাত উপ সভাপতি আবুল হাচিমে পদত্যাগ কৰাত সভাই সৰ্বসন্মতি ক্ৰমে আব্দুল জুব্বাৰক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰে৷ সভাত সমবায় সমিতি সমূহৰ পৰ্যবেক্ষক বুধিন বৰা উপস্থিত থাকি সকলো কথা বুজ লয়।

Related Articles

Leave a Reply

Close