অসম

বছৰৰ প্ৰথটো বানৰ কবলত লাওখোৱা-প্লাৱিত অনেক গাঁও, ৪০০ বিঘা কৃষি ভূমি জলমগ্ন

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ উত্তৰাঞ্চলতো যোৱা কিছু দিনৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুুকু । জেঠ মাহৰ এই বৰষুণৰ ফলতে এতিয়া নৈৰ বুকু ওফন্দি উঠি কাষৰীয়া অঞ্চলবিলাকত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্য প্ৰশাসন আৰু চৰকাৰৰ একাধিক প্ৰতিশ্ৰুতিৰ নৈ বোৱাই কাম নকৰাৰ বাবেই নৈ পৰীয়া মানুহৰ দুখঃ দুৰ্দশা হ্ৰাস পোৱাৰ বিপৰীতে দুগুণে বৃদ্ধি পাইছে। সমগ্ৰ ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ দৰে নগাঁও জিলাৰ লাওখোৱাতো এতিয়া বিপদসীমা অতিক্ৰম কৰাৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে অঞ্চলবাসী। বৰষুণৰ বাঢ়নি পানীৰ ফলতেই আজি দুদিনৰ পৰা জলমগ্ন হৈ পৰিছে লাঁওখোৱা মৌজাৰ ৩ নম্ভৰ ভূৰবান্ধা আৰু ৪ নম্ভৰ বগামুখ গাঁও। ইয়াৰোপৰি কেইবাখনো গাঁও আংশিকভাৱে বানৰ কবলত পৰা দেখা গৈছে। উল্লেখ্য যে বানৰ সংহাৰী ৰূপত ৪০০ বিঘা মৰাপাট খেতি নষ্ট হৈছে উক্ত অঞ্চলবিলাকত ৷ ইয়াৰো লাওখোৱা-বুঢ়াচাপৰি অভযাৰণ্যৰ প্ৰাণীকুললৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ আশংকা বৃদ্ধি পাইছে৷ কিয়নো অভয়াৰণ্যৰ ভিতৰলৈ পানী সোমাবলৈ আৰম্ভ কৰিছে যাৰ বাবে বন্যপ্ৰাণী বানৰ ভয় আৰু খাদ্যৰ তাড়নাত অন্য বছৰৰ দৰেই এইবাৰো জনাঞ্চলত তাণ্ডৱ কৰাৰ শংকাত শংকিত হৈ পৰিছে দাঁতিকাষৰীয়া ৰাইজ।  যোৱা ২০১৫-১৬ বৰ্ষত ভূৰবান্ধা পঞ্চায়তৰ পৰা ৪ নম্ভৰ ভগামুখলৈ এটা চেকবান্ধ নিৰ্মাণ হৈছিল আৰু যোৱা যোৱাবছৰৰ বানেই ২ ঠাইত ছিগি নিছিল চেকবান্ধটো ৷ এইবাৰ উক্ত বান্ধটো সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱাৰ আশংকাই খেদি ফুৰিছে ৰাইজক। পৰিৱৰ্তনকামী চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই বৰ্তমান ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি বানাক্ৰান্তই অভিযোগ উত্থাপন কৰা দেখা গৈছে।

Related Articles

Leave a Reply

Close