অসমশীৰ্ষ

বনমন্ত্ৰীৰ গৃহ চহৰতে চকা ফুটি পথৰ মাজত বাগৰি পৰিল চোৰাং শালকাঠৰ কুণ্ডা কঢ়িওৱা ট্ৰাক


প্ৰথম খবৰ,কোকৰাঝাৰ: বনমন্ত্ৰীৰ কঠোৰ স্থিতি, সেউজীয়া বনাঞ্চল ৰক্ষা কৰা আৰু চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণাক তিলমানো কেৰেপ নকৰি খোদ বনমন্ত্ৰীৰ গৃহ জিলাত যে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অবাধ হাৰত চলি আছে সেয়া আকৌ এবাৰ প্ৰমাণিত হৈছে ৷ তাৰ জ্বলন্ত উদাহৰণ আজি পুৱতি বনমন্ত্ৰীৰ গৃহ চহৰ কোকৰাঝাৰৰ শ্যামগাঁৱত চোৰাং শালকাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক ব্যস্ত জে.ডি পথত চকা ফুটি বাগৰি পৰা ঘটনাই ৷ বন বিভাগৰ সূত্ৰই জানিব দিয়া অনুসৰি আজি পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত এ এছ-২৫এ-৭০৭৫ নম্বৰৰ ছয়চকীয়া ট্ৰাকখন দেৱৰগাঁৱ দিশৰ পৰা কোকৰাঝাৰ চহৰ অভিমুখে গৈ আছিল ৷ উক্ত সময়ত টহলদাৰী এটা বন সুৰক্ষা বাহিনীৰ এটা দলে সন্দেহ কৰি কিছু নিলগৰ পৰা নিৰীক্ষণ কৰি থাকে ৷ ঠিক তেতিয়াই জে.ডি.পথৰ কেন্দ্ৰীয় বিদ্যালয় আৰু ভাৰত পেট্ৰলিয়াম তেল ডিপোৰ মাজত তিতাগুড়িৰ ইকো টাস্ক ফৰ্চৰ শিবিৰৰ কাষৰ শ্যামগাঁৱত ট্ৰাকখনৰ পিছফালৰ এটা চকা ফুটি মাজপথৰ ওপৰত ওপৰমুৱা হৈ বাগৰি পৰে যদিও চালকসহ ট্ৰাকখনত থকা লোকসকল আন্ধাৰৰ সুযোগ লৈ পলায়ণ কৰে ৷ বন বিভাগৰ সূত্ৰইই জানিব দিয়া অনুসৰি ট্ৰাকখনৰ পৰা প্ৰায় তিনিশ ছেফটি শালকাঠৰ মূল্যৱান কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰকৃত কুণ্ডাখিনিৰ বজাৰমূল্য আনুমানিক প্ৰায় ৩.৫ লাখ টকা আৰু চৰকাৰী হিচাপত প্ৰায় ২.৫ লাখ টকা হব বুলি ধাৰণা কৰা হৈছে ৷ স্বাভাৱিকতে বনমন্ত্ৰীৰ গৃহজিলাত মন্ত্ৰীগৰাকীৰ নাকৰ তলেদি কোনে ৰমৰমীয়া চোৰাং কাঠৰ বেহা চলাই বনাঞ্চল ধ্বংস কৰিছে তাৰ সৈতে কোন চক্ৰ জড়িত তাক লৈও বহু প্ৰশ্নৰ উদয় হৈছে ৷ এইক্ষেত্ৰত বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই আগন্তুক সময়ত কেনে পদক্ষেপ লয় সেয়া হব লক্ষ্যণীয় ৷

Related Articles

Leave a Reply

Close