অসম

বহু সংখ্যক শুভাকাংক্ষীৰ অংশগ্ৰহণ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ অন্তিম সৎকাৰত

প্ৰথম খবৰ,মাৰ্ঘেৰিটা/লিডু : আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি ভূবন সন্দিকৈৰ অন্তিম সৎকাৰ কৰা হয় । কালি পুৱা প্ৰায় ১০.৫৫ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটা আশী দশকৰ পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত সন্দিকৈ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । পুৱা ১০বজাত প্ৰথমে সন্দিকৈৰ নশ্বৰ দেহ মাৰ্ঘেৰিটা কংগ্ৰেছ কাৰ্য্যালয় ৰাজীৱ ভৱনলৈ অনা হয় । তাত দলৰহৈ দলীয় পতাকা, ফুলৰ মালা আদিৰে শেষ শ্ৰদ্ধা জনোৱা হয় ।ইয়াৰ পাছতেই মাৰ্ঘেৰিটা চাংলাং তিনিআলিস্থ অন্তিম সৎকাৰস্থলীলৈ এখন পুষ্প সজিত গাড়ীত শোভাযাত্ৰা কৰি নিয়া হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য মনোৰঞ্জন বৰগোহাঞি, কংগ্ৰেছ দলৰ মিডিয়া চে’লৰ ৰাজ্যিক সদস্য নিলাভজ্যোতি কোঁৱৰ, অগপ নেতা জ্যোতিষ সোনদাস, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ , আছাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাক্ৰা, সাংবাদিক তপন দে, মানস প্ৰতীম গগৈ, শ্যামল নেওগ, ফাইজুৰ ৰহমান , প্ৰসান্ত চেতিয়াকে ধৰি দলৰ লগতে বহু শুভাকাংক্ষী সৎকাৰ স্থলীত উপস্থিত থাকে । সন্দিকৈৰ শেষ যাত্ৰাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা দলৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে সংবাদমাধ্যমৰ আগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দলে এগৰাকী সৎ আৰু নিষ্ঠাবান কৰ্মী হেৰুৱালে বুলি কোৱাৰ লগতে সন্দিকৈৰ মৃত্যুত দলৰ লগতে মাৰ্ঘেৰিটাৰ সমাজজীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰি বৰদলৈয়ে তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । অন্যহাতে একালৰ এগৰাকী সুদক্ষ বেডমিন্টন খেলুৱৈ বিশিষ্ট সমাজসেৱক সন্দিকৈৰ মৃত্যুত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ , মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সংস্থাৰ সভাপতি ইন্দুৰঞ্জন বৰুৱা (অভয়) আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ সম্পাদক উৎপল কোৱঁ‌ৰে এক শোক বাৰ্তা যোগে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰিছে। বিশিষ্ট সমাজ সেৱক ভূবন সন্দিকৰ মৃত্যুত আজিও তিনিচুকীয়া জিলা খনৰ লগতে মাৰ্ঘেৰিটা মহকুমাত শোকৰ ছাঁ‌ পৰে । উল্লেখযে আজিৰ অন্তিম সৎকাৰস্থলীলৈ যোৱা প্ৰায় ৩ কিলোমিটাৰ শোভাযাত্ৰাত তিনিচুকীয়া জিলাৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ যথেষ্ট সংখ্যক দলীয় নেতা কৰ্মীৰ উপৰিও বহু সংখ্যক শুভাকাংক্ষীয়ে শেষ যাত্ৰাত অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close