অসম

বাক্সাৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ দিৱস পালন

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ নাগ্রীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি উলহ মালহেৰে উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয় খনৰ চৌহদ পৰিষ্কাৰ কৰে। চাফাই কাম সমাপ্ত হোৱাৰ পিছত বিদ্যালয় চৌহদত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ উপস্থিতিত বিদয়ালয় খনৰ প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাস আৰু সহকাৰী প্ৰধান শিক্ষক সুৰেশ ব্ৰহ্মই একোডালকৈ নাৰিকল গছৰ পুলি ৰোপণ কৰে। ইয়াৰ উপৰিও ছাত্র ছাত্ৰী সকলেও বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰে। বৃক্ষ ৰোপনৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত পৰিবেশ সংৰক্ষণৰ ওপৰত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দিনৰ ১২ বজাত বিদয়ালয় খনৰ প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাসৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয়। সভাত বৃক্ষৰোপন আৰু পৰিবেশ সংৰক্ষন ওপৰত বিদ্যালয়ৰ শিক্ষক সকলে ভাষণ ৰাখি ছাত্র ছাত্ৰী সকলক বৃক্ষৰোপন আৰু পৰিবেশ প্ৰদূষণৰ বিষয়ে জ্ঞান দিয়ে আৰু গছ ৰোৱাৰ বাবে উদ্বুদ্ধ কৰে।

Related Articles

Leave a Reply

Close