অসমশীৰ্ষ

বানৰ পাছত এইবাৰ ভূমিস্খলনৰ আতংক, খহিছে দেৱালো

নিউজ ডেক্স, প্ৰথম খবৰ: এফালে কৃত্ৰিম বানৰ সংহাৰী ৰূপ, আনফালে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ভূমিস্খলনে আতংকৰ সৃষ্টি কৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত।  মঙলবাৰে প্ৰবল বৃষ্টিপাতৰ ফলত গুৱাহাটীৰ জনজীৱন ব্যাহত হৈ পৰিল। আজিও পানী শুকোৱা নাই বিভিন্ন অঞ্চলত। ইয়াৰ মাজতে বামুণীমৈদাম অঞ্চলত সংঘটিত হ’ল এক ভূমিস্খলনৰ ঘটনা। ৰে’লৱে কলনী শিৱ মন্দিৰৰ নিচেই কাষতে পাহাৰ খহি পৰাৰ ফলত আতংকিত হৈ পৰে একাংশ লোক। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল কেইবাটাও পৰিয়ালৰ। ইয়াৰ পাছতে আতংকিত হৈ পৰা বহুকেইটা পৰিয়ালে ঘৰ এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত।

আনফালে তৰুণ নগৰত খহি পৰিল দেৱাল। নিশা অলকানন্দ এপাৰ্টমেণ্ট পিছফালে প্ৰকাণ্ড দেৱাল খহি পৰাৰ পিছত ২২টা পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হয়। এই বিষয়ে প্ৰশাসনক বাৰম্বাৰ জনোৱাৰ পিছতো কোনো উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে এপাৰ্টমেণ্টটোৰ আবাসীসকলে।

Related Articles

Leave a Reply

Close