অসমশীৰ্ষ

বিগত ৭ বছৰেই তলাবন্ধ এখন চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষৰ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ,১১ জুন: দৰং জিলাৰ দেওমৰনৈস্থিত ৩০ খন বিচনাযুক্ত সামূহিক গ্ৰাম্য চিকিৎসালয়ৰ অস্ত্ৰোপ্ৰচাৰ কক্ষত ২০১০ চনৰ পৰা বৰ্তমানলৈ তলা ওলমিয়েই আছে । চৰকাৰ তথা স্বাস্থ্য বিভাগৰ কোনো গুৰুত্ব নাই আজিলৈ । জিলাখনৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ ৩০ খন গ্ৰাম্য চিকিৎসালয়ত অস্ত্ৰোপ্ৰচাৰ কক্ষটিৰ আজিলৈ খোল নাখালে তলা। কি কাৰণত তলা ওলমি থাকিল সেয়া ৰহস্যৰ আৱৰ্তত । ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উদ্বোধন কৰা অস্ত্ৰোপ্ৰচাৰ কক্ষটি এনেকৈ বন্ধ হৈ থকাত ৰাইজে আশ্বৰ্য্য প্ৰকাশ কৰিছে। লগতে প্ৰসূতি বিভাগৰ স্থায়ী চিকিৎসকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ সমষ্টিটোৰ ৪৪ খন গাঁওৰ দুখীয়া ৰাইজৰ চিকিৎসাৰ স্থলী দেওমৰনৈ ৩০ বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন । উক্ত চিকিৎসালয় খনৰ আন্ত:গাঁঠনিৰ ব্যৱস্থা কৰি চিকিৎসকৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজ তথা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে লগতে চৰকাৰক চিকিৎসালয় খনৰ প্ৰতি গুৰুত্ব প্রদান কৰি অস্ত্ৰোপচাৰ কক্ষটোও অতি সোনকালে মুকলি কৰিবলৈ দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close