অসম

বিধায়ক ৰূপজ্যোতি কুৰ্মী JMCHত চিকিৎসাধীন

প্ৰথম খবৰ, মৰিয়নি: বিধায়ক ৰূপজ্যোতি কুৰ্মী বৰ্তমান JMCHৰ ICUত চিকিৎসাধীন। স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও চিকিৎসালয়তে অব্যাহত ৰাখিছে অনশন, অনশনৰ আজি ৭২ ঘণ্টা উকলিল। ইফালে সমান্তৰালভাৱে মৰিয়নিত বিধায়কগৰাকীৰ দাবীক সমৰ্থন জনাই আজি মৰিয়নি ঠায়ে ঠায়ে পথ অৱৰোধ কায্যসূচী গ্ৰহণ কৰে কংগ্ৰেছী কর্মকর্তা সকলে। মৰিয়নিৰ কাটনিবাৰী, ধপাঁতবাৰী, নিউসোণোৱাল, চেলেংহাট আৰু দেবেৰাপাৰ চাৰিআলিত পথ অৱৰোধ কায্যসূচী গ্ৰহণ কৰে কংগ্ৰেছী কর্মকর্তা সকলে। ঘাই পথ সমূহ অৱৰোধ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। মৰিয়নি আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক অৱৰোধস্থলী সমূহত উপস্থিত হৈ অৱৰোধ প্ৰত্যাহাৰ কৰিবৰ বাবে কংগ্ৰেছ কর্মকর্তা সকলক অনুৰোধ কৰে। অৱৰোধকাৰীসকলে পৃথকে পৃথকে স্মাৰকপত্ৰ জিলা প্ৰশাসনৰ প্ৰতিনিধি সকল প্ৰদান কৰি অৱৰোধ প্ৰত্যাহাৰ কৰে। অন্যহাতে নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নিৰ ঠায়ে ঠায়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰিছে।

Related Articles

Leave a Reply

Close