অসম

বিশুদ্ধ খোৱা পানী বিচাৰি আমগুৰিত কলহ বাল্টি লৈ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰথম খবৰ,আমগুৰি: খোৱা পানী বিচাৰি আজি আমগুৰিত ৰাইজ ৰাজপথলৈ ওলাই আহে। আমগুৰি নগৰ ,গ্ৰাম্য ব্লক কংগ্ৰেছৰ উদ্দোগত হাতে হাতে কলহ বাল্টি লৈ ওলাই অহা জনতাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিভিন্ন চৰকাৰ বিৰোধি শ্লগানৰে উত্তাল পৰিবেশ সৃষ্টি কৰে। উল্লেখ্যযে আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তই আমগুৰিত কেইবাটাও বিশুদ্ধ পানী যোগান আঁচনিৰ আধাৰশিলা কৰি পানী ৰাইজে পাব পৰা ব্যৱস্থা কৰে। অৱশ্যে ৯০% কাম সম্পুৰ্ণ হোৱাৰ পিছতো ১৬ খন আঁচনি আধৰুৱাকৈ থাকি যায়। কিন্তু উক্ত আঁচনি কেইখনৰ বাবে সম্প্ৰতি চৰকাৰে কোনো টকাৰ আৱণ্টন দিয়াৰ ব্যৱস্থা কৰা নাই। ফলত বিশুদ্ধ পানীৰ পৰা বহু লোক বঞ্চিত হৈছে। তদুপৰি এই সকল লোকে জান জুৰিৰ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগে আক্ৰমণ কৰিব ধৰিছে। সেয়ে আজি ক্ষুব্ধ ৰাইজে উক্ত পানী যোগান আঁচনি কেইখন শীঘ্ৰে সম্পুৰ্ণ কৰি ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ দাবী কৰে। আজিৰ প্ৰতিবাদ স্থলিত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদিকা অংকিতা দত্ত আৰু দেৰগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close