অসমশীৰ্ষ

বিশ্বনাথত আছাৰ প্ৰতিবাদী কাৰ্যসূচী: যোগী আদিত্যনাথ আৰু আৰ পি শৰ্মাৰ পুত্তলিকা দাহ

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: এইবাৰ ক্ষোভৰ জুইত জ্বলিছে বিশ্বনাথ। বিশ্বনাথ জিলা আছাৰ উত্তাল প্ৰতিবাদ। সাংসদ আৰ পি শৰ্মাক মানসিক বিকাৰগ্ৰস্ত আখ্যা। আদিত্যনাথৰ ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া অব্যাহত। লক্ষ্মী ওৰাঙৰ ওপৰত অপমানজনক মন্তব্যৰে তথা অসমৰ এক লজ্জিত ঘটনা পশ্চিমবংগৰ বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফেচবুকত আপলোড কৰা পোষ্টৰ ওপৰত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ যোগী আদিত্যনাথ আৰু সাংসদ আৰ পি শৰ্মা বিৰুদ্ধে আজি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় বিশ্বনাথত। বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ নগৰৰ মাজমজিয়াত পুত্তলিকা দাহ কৰা হয় যোগী আদিত্যনাথ আৰু আৰ পি শৰ্মাৰ৷ আদিবাসী ছাত্ৰ সন্থাৰ বহুসংখ্যক প্ৰতিবাদকাৰীয়ে যোগী আদিত্যনাথ মুৰ্দাবাদ,আৰ পি শৰ্মা মুৰ্দাবাদ, লক্ষ্মী ওৰাং জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

Related Articles

Leave a Reply

Close