অসম

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰতাৰণাৰ অভিযোগত আৰক্ষীৰ জিম্মাত, সভাপতি অবিহনে জিলা কংগ্ৰেছে পাতিলে প্ৰবঞ্চনা বিৰোধী দিৱস

বিশ্বনাথ চাৰিআলি, প্ৰথম খবৰ: বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত আজি বিশ্বনাথ জিলা কংগ্ৰেছে উদযাপন কৰিলে প্ৰৱঞ্চনা বিৰোধী দিৱস। অনুষ্ঠানত অংশগ্ৰহণ কৰে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনে , প্ৰাক্তন বিধায়িকা মনিকা বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰানা গোস্বামী, অপূৰ্ব ভট্টাচাৰ্য  প্ৰমূখ্যয়ে বহু কংগ্ৰেছ কৰ্মীয়ে । উল্লেখ্য যে, জিলা সভাপতি দিলীপ বৰুৱাক ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে নিশা প্ৰৱঞ্চনাৰ গোচৰত  গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ পিছতেই শনিবাৰে  জিলা সভাপতিৰ অনুপস্থিতত  কংগ্ৰেছে অনুষ্ঠিত কৰিলে   প্ৰৱঞ্চনা বিৰোধী দিৱস। সাংবাদিকৰে হোৱা সাক্ষাতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দিলিপ বৰুৱাক বিজেপিয়ে ব্লেকমেইল কৰি পেলাই গ্ৰেপ্তাৰ কৰিছে। যদি সাহস আছে মন্ত্ৰী ৰঞ্জিত দত্তক জেৰা কৰক। লগতে মন্ত্ৰী সভা সম্প্ৰসাৰণ , মোডী চৰকাৰৰ প্ৰতাৰণা, বিশ্বনাথ জিলা কংগ্ৰেছৰ বিসম্বাদ সম্পৰ্কেও মন্তব্য কৰে।

 

Related Articles

Leave a Reply

Close